পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
সটীক নামঘোষা


এহি হেতুতেসে জানা যতেক মহন্তসবে
 ঈশ্বৰক বোলয় অচ্যুত॥

চ্যুতি—পতন, হানি, নাশ।
অচ্যুত—বিনাশশূন্য, স্থিৰ।

 ঈশ্বৰ কৃষ্ণক উপাসনা কৰোঁতে কৰোঁতে জীৱৰ পতন-ভয় গুচে অৰ্থাৎ জীৱে মুক্তি পায়—নানা বিপত্তি ভুগিব লগা অদ্ভুত সংসাৰলৈ পুনৰ আহিব নালাগে। এই কাৰণেই সাধুসকলে ঈশ্বৰক অচ্যুত বোলে।

[ ১৪৫ ]

ঈশ্বৰ কৃষ্ণৰ পদ ভজিয়া অধমসবো
 অতিশয় হোৱয় উত্তম।
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
 ঈশ্বৰৰ নাম নৰোত্তম॥

 পাপীজনেও পৰমেশ্বৰক একান্তমনে ভজি উত্তম হব পাৰে; এই কাৰণেই লোক সমাজত ঈশ্বৰৰ “নৰোত্তম” নামে প্ৰখ্যাত হল।

[ ১৪৬ ]

ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰে
 সিংহ যেন ভ্ৰময় নিৰ্ভয়।
এতেকেসে ঈশ্বৰৰ  নাম নৰসিংহ ভৈল
 মহাজনসকলে কহয়॥