পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
সটীক নামঘোষা

কৃষতা—ক্লেশ। অন্বয়—ভাঙনি, অথ, ব্যাখ্যা।

 ভগৱানৰ পদ সেৱা কৰোঁতে কৰোঁতে ( অৰ্থাৎ নাম লওঁতে লওঁতে) জীৱৰ পাৰ্থিৱ দুখ খণ্ডন হয় বা আনন্দ অৰ্থাৎ মুক্তি হয়; এই কাৰণেই ঈশ্বৰক কৃষ্ণ বোলে। কৃষ্ণ নামৰ এইটোৱেই মনোহৰ ভাঙনি বা অৰ্থ।

[ ১৪২ ]

নিৰন্তৰে নিজানন্দ সুখ পৰিপূৰ্ণ ৰূপ
 অখণ্ড আনন্দ নুগুচয়।
এতেকেসে সদানন্দ নিত্যানন্দ নাম ইটো
 ঈশ্বৰক বুলিয়ে নিশ্চয়।

নিজানন্দ—আনন্দময়, ঈশ্বৰ।

 আনন্দময় ঈশ্বৰ সদায় সুখে ভৰপূৰৰ দৰে; তেওঁৰ সদায় আনন্দ, তেওঁৰ আনন্দৰ কেতিয়াও হানি নহয়; এই কাৰণেই ঈশ্বৰৰ সদানন্দ আৰু নিত্যানন্দ না হৈছে।

কো ব্ৰহ্ম ঈশঃ ৰুদ্ৰঃ তৌ আত্মনি স্বৰূপে
বয়তি, প্ৰলয়কালে উপাধিৰূপমূৰ্ত্তিত্ৰয়ং
মুক্তা একমাত্ৰ পৰমাত্মাস্বৰূপেনাৰতিষ্ঠতে॥ ১৪৩