পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
সটীক নামঘোষা

তুমি মোক যেনে ভাল দেখা তাকে কৰা। অৰ্থাৎ তুমি পাপহাৰী বুলি জানি মই পাপীয়ে তোমৰ চৰণত আশ্ৰয় লৈছোঁ, তুমি যেনে উচিত বিবেচনা কৰা, মোৰ প্ৰতি তেনে ব্যৱস্থা কৰা।

অপৰাধং সহস্ৰাণি ক্ৰিয়ন্তেহহৰ্নিশং ময়া।
দাসোহহমিতি মাং মঙ্গা ক্ষমস্ব পৰমেশ্বৰ॥ ১৩৭

[ ১৩৭ ]

সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
 কৰো মই মহা মুঢ়জন।
আমি প্ৰভু তযু দাস আকে মানি জগবাস
 ক্ষমিয়োক শ্ৰীমধুসূদন।।

শ্ৰীমধুসুদন-মধু নামে দৈত্যবধকাৰী বিষ্ণু। ( সৃষ্টিৰ আদিতে
 বিষ্ণুৰ কাণৰ মলৰপৰা মধুদৈত্য উপজি ব্ৰহ্মাক মাৰিব
 খোজাত বিষ্ণুৱে বাধা দি মধু আৰু কৈতভক তেওঁ
 নিজে মাৰে।)

 মই অতি মুৰ্খ; দিনে-ৰাতিয়ে মই হাজাৰ হাজাৰ অপৰাধ কৰোঁ। প্ৰভু, মই মোৰ দাস অৰ্থাৎ মই তোমাৰ আশ্ৰয় ললোঁ; ইয়াকে মানি অৰ্থাৎ মোক দাস বুলি গ্ৰহণ কৰি, হে জগত পালন কৰোঁতা, মধুদৈত্য বধকাৰী স্বামী, মোক ক্ষমা কৰা অৰ্থাৎ মোৰ দোষ মৰ্ষণ কৰি তোমাৰ চৰণত আশ্ৰয় দিয়া।