পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
সটীক নামঘোষা


জানামি ধৰ্ম্মং ন চ মে প্ৰবৃত্তিঃ
 জানাম্যধৰ্ম্মং ন চ মে নিবৃত্তিঃ।
ত্বয়া হৃষীকেশ হৃদি স্থিতেন
 যথা নিযুক্তোহস্মি তথা কৰোমি॥ ১৩৮

[ ১৩৮ ]

ধৰ্ম্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই
 অধৰ্ম্মত নিবৃত্তি নোহয়।
হৃদি স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
 হৃষীকেশ কৰিবো তেহ্নয়॥

হৃষীকেশ-( হৃষীকৰ ঈশ, হৃষীক ইন্দ্ৰিয়; ) ইন্দ্ৰিয়ৰ অধিপতি। মানুহৰ মন, বুদ্ধি আদিক চলাওঁতা।

 কি কৰিলে বা কি প্ৰকাৰে চলিলে ধৰ্ম্ম হয়, তাক মই জানোঁ, তথাপি ধৰ্ম্ম কামলৈ মোৰ মন নাযায়; কি কৰিলে অধৰ্ম্ম হয় তাকো বুজোঁ, তথাপি অধৰ্ম্মত চলিবলৈ অনিচ্ছা নহয় বা অধৰ্ম্ম আচৰণ নকৰি থাকিব নোৱাৰোঁ। হে হৃষীকেশ, তুমি মোৰ মন বুজা আৰু তুমিয়েই মোৰ গৰাকী বা মোক চলাওঁতা, এতেকে তুমি মোৰ হিয়াত থাকি মোক যেনেকৈ চলাবা, মই তেনেকৈ চলিম।

আৱাহনং ন জানামি নৈব জানামি পূজনং।
বিসৰ্জ্জনং ন জানামি ত্বং গতিঃ পৰমেশ্বৰ॥ ১৩১