সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
সটীক নামঘোষা


দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
 তযু পাৱে কৰোহো বন্দন।

চাণুৰ-দৈত্য বিশেষ; মথুৰাৰ ৰজা কংসৰ মাল; কংসৰ ধনুৰ্যজ্ঞৰ সময়ত এই দৈত্যক শ্ৰীকৃষ্ণে মৰিছে।

 হে বসুদেৱৰ পুত্ৰৰূপে অৱতাৰ হোৱা কৃষ্ণ, তুমি দুষ্ট ৰজা কংস-চাণুৰ আদি দৈত্যদমনকাৰী আৰু ভকতৰ একমাত্ৰ ইষ্টদেবতা তুমি। হে দৈৱকীৰ হৃদয়ৰ আনন্দকাৰী জগতৰ গুৰু কৃষ্ণ, তোমাৰ চৰণ মই বন্দন কৰোঁ।

মৎ সম নাস্তি পাতকী তৎ সম নাস্তি পাপহা।
ইতি বিজ্ঞায় গোবিন্দ যথা যোগ্যং তথা কুৰু॥ ১৩৬

[ ১৩৬ ]

মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
 তুমি সম নাহি পাপহাৰী।
ই জানি গোবিন্দ মোক যেন যুৱাই কৰিয়োক
 তুৱা পদে কৰোহো গোহাৰি॥

যুৱাই—যুগুত হয়।

 স্বৰ্গ, মৰ্ত্ত্য, পাতাল এই তিনিওলোকত মোৰ সমান পাপী নাই আৰু তোমাৰ সমান পাপহৰণ কৰোঁতাও কোনো নাই; সেই কাৰণে হে জ্ঞানময় গোবিন্দ, তোমাৰ চৰণত প্ৰাৰ্থনা কৰোঁ—