পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
সটীক নামঘোষা

[ ১৩৪ ]

পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
 নমো দিব্য পদ্ম মালাধাৰী।
নমো পদ্ম সম নেত্ৰ পদ যাৰ শত পত্ৰ
 নমো ভকতৰ ভয়হাৰী॥

শতপত্ৰ—পদ্ম।

 যাৰ নাতি পদ্মৰ নিচিনা তেওঁক বাৰ বাৰ প্ৰণাম কৰোঁ; আৰু অপৰূপ পদ্মৰ মালা ধাৰণ কৰোঁতাক নমস্কাৰ কৰোঁ; যাৰ চকু পদ্মপত্ৰৰ নিচিনা, পদ যাৰ পদ্মৰ নিচিনা, তেওঁক নমস্কাৰ কৰোঁ; আৰু যি ভক্তৰ দুখ গুচায়, তেওঁক সেৱা কৰোঁ; অৰ্থাৎ পৰমেশ্বৰ ইমান মনোহৰ, সুশ্ৰী আৰু কোমল, যে সাকাৰভাৱে তেওঁক ভাবিলে নাভি, চকু, পদ পদ্মৰ লগত হে তুলনা কৰিব পাৰি। তেওঁ ইমান সুখ, সৌন্দৰ্য্যযুক্ত আৰু শান্ত প্ৰকৃতিৰ যে তেওঁ যেন সকলোকে শাস্তি দিবলৈ পদ্মফুলৰ মালাহে পিন্ধি বিশ্বত শোভা পাইছে।

বসুদেৱসুতং দেৰং কংসচাণুৰমৰ্দ্দনং।
দৈৱকীপৰমানন্দং কৃষ্ণং ৰন্দে জগদ্‌গুৰুং॥১৩৫

[ ১৩৫ ]

বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
 কংস চাণূৰাদি বিমৰ্দ্দন।