পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ধৰ্ম-সঙ্গীত।

২৬

ভৈৰব ঠুংৰী।

জয় দীন তাৰণ, প্ৰভু নাৰায়ণ,
 স্তুতি নতি কৰোঁ কিবাহে।
আমি সবে অতি,  ক্ষীণ মুৰ্খ জাতি,
 কৃপা বিতৰণ কৰিবা হে॥
কৰ্ম্ম-চক্ৰ ঘূৰি,  হেৰা চক্ৰধাৰী,
 মাৰিছে আমাৰ পৰাণ হে।
দীনহীন জানি, সিঁচি দয়াপানী
 ৰক্ষা কৰা ভগৱান হে॥
    বেণুধৰ ৰাজখোৱা, বি, এ।

২৭

বাউল সুৰ-একতালা।

হৰি, কৰ্ম্ম-নদীৰ মাজৰ পৰা তাৰিবা ইবেলি।
তুমি নেতাৰিলে তাৰে কোনে হে বনমালী॥।