পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সঙ্গীত-কোষ।

অমৃত ভাবিয়া,   গৰল ভক্ষিলোঁ
 নিচিনিলোঁ নৰ চকুৰে।
এতিয়া প্ৰভু, সহিব নোৱাৰোঁ
 পুৰিব ধৰিছে হৃদয়ে।
তুমি কৃপাকৰি, আপোনাৰ গুণে,
 দিয়া পাৰ ভব সাগৰে॥
    সত্যনাথ বৰা, বি, এল।

২৫

বাগেশ্ৰী—আড়াঠেকা।

কৰুণা বিতৰি প্ৰভু দিয়া শান্তি পদ ছায়াঁ।
মঙ্গল মলয় আনি কৰা শুদ্ধ পাপ হিয়া॥
দিয়া জ্ঞান শুভমতি,  কাকৃতি কৰিছোঁ অতি,
 সংসাৰ অৰণ্যে আজি সুপথ দেখুৱাই দিয়া।
আমাৰ উদ্দেশ তৰু, কুশলে ৰাখিবা হৰি
 তোমাৰ কৃপাত যেন দিনে তাৰ বাঢ়ে কায়া॥
    সত্যনাথ বৰা, বি, এল।