পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৫৬
সঙ্গীত-কোষ।

নাই বুদ্ধি বল মোৰ, মুঠে নেজানো সাঁতোৰ,
মোকে উদ্ধাৰিলা প্ৰভু আজি, কৰোঁ কৃতাঞ্জলি।

বেণুধৰ ৰাজখোৱা, বি, এ।


২৮

সন্ধ খাম্বাজ মধ্যমান

ভক্তি আজলিৰে পূজে প্ৰভূ নাৰায়ণ।
আজি এতেদিনে আশা দিয়ে, দৰিশন।
মনৰ কৱলি গল, আশাৰ পোহৰ হ’ল,
আশা ভৰা পাণে হৰি কৰোঁ আৰাধন।
আশা কণ্যা লয় লাসে, নাচে হেৰা কাষে কাষে,
কি আনন্দে পুজো আমি হৰি চৰণ।

বেণুধৰ ৰাজখোৱা, বি, এ।


২৯

মিশ্ৰ মুলতান-ঢিমাতেতালা।

লোৱাহি আনিছোঁ আজি, অতি যতনেৰে সাজি,
 আনিছোঁ সাদৰে দেবী ভক্তি উপহাৰ।