পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৵৹
সঙ্গীত-কোষ

মালা”, “বাঁহী” আৰু “গীতাৱলীৰ” গ্রন্থকাৰৰ উদ্যম প্রশংসনীয়। কিন্তু, কিতাপ কেইখনিত গানৰ সংখ্যা নিচেই তাকৰ ।

 বৰ্ত্তমান সময়ত নানা তৰহৰ সৰহ গান থকা এখন ডাঙ্গৰ সঙ্গীত-কিতাপৰ অভাৱ সকলােৱে বুজিছে । এই অভাৱ পূৰ কৰিবৰ মনেৰে নানা ঠাইৰপৰা চিঠি লিখি গান বচাই অনা আৰু নিজেও ঠায়ে ঠায়ে গৈ কৃতবিদ্য সকলৰ দ্বাৰাই আগত থাকি ৰচনা কৰাই নানাবিধ গান সংগ্রহ কৰিবলৈ ধৰা হৈছে । কিন্তু, কিতাপখনি উচিতমতে ডাঙ্গৰ কৰি উলিয়াবলৈ হলে বহুত খৰছ আৰু বহুত দিন লাগিব যেন দেখি, আৰু বিশেষকৈ কেইজনমান মুখিয়াল বন্ধুৰ আগ্ৰহ হােৱাৰ গতিকে, আজিলৈকে বাছি বাছি সংগ্ৰহ কৰা চাৰি-শ মান গানেৰেই সম্প্রতি এই কিতাপখন উলিয়াই দেশৰ সৰ্ব্বসাধাৰণৰ হাতত সমর্পণ কৰা হল । কোৱা বাহুল্য মাথােন যে, অসমীয়া ৰাইজৰ পৰা সহানুভূতি পাই থাকিলে বছৰে বছৰে

ইয়াক ডাঙ্গৰ কৰি নিব পৰা যাব।