এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।
এই জগতত সঙ্গীতত কৈ আদৰণীয় বস্তু আৰু কি আছে? মধুৰ সঙ্গীতে যেনেকৈ প্ৰাণত অমৃত ঢালি গম নোপোৱাকৈ মনৰ দুখ-শোক পাহৰাই মনত বিমল আনন্দ ওপজাব পাৰে তেনেকৈ আৰু একোৱেই নোৱাৰে। ক্ৰমান্বয়ে ১০।১২ ঘণ্টা বক্তৃতা দিলেও যি কাম নহয়, কেৱল মাত্ৰ একেটি সুমধুৰ গান গালেই তাতকৈ বেচি ফল ধৰা দেখা যায। এই নিমিত্তে আমাৰ আৰ্য্য, ঋষি-মুনিসকলে কৈ গৈছে, বোলে –“ন বিদ্যা সঙ্গীতাৎ পৰা”।
দুখৰ বিষয়, আমাৰ দেশত গানৰ কিতাপ নাই বুলিলেই হয়। আমাৰ মানুহে গান গাব লাগিলে বঙ্গলা গান হে গায়। কোনো কোনো ঠাইত দুটা-চাইটা অসমীয়া গান যদিও ৰচনা কৰা হৈছে, ছপা হৈ নোলোৱাৰ নিমিত্তে সাধাৰণৰ পক্ষে সেইবিলাক কোনো উপকাৰত অহা নাই। এই বিষয়ে “সঙ্গীত