পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৶৹
পাতনি

 কিতাপত লিখা তিনিভাগমান গানৰ তাল-সুৰ আমি নিজে থিৰ কৰি দিছোঁ। কেৱল গানবিলাক হে ৰচোঁতাৰ পৰা পোৱা হৈছে। কাৰো কাৰোপৰা যদিও সুৰ আৰু তালৰ নাম দুই-চাইটা পোৱা হৈছিল, সি ভুল; তাকো আমি আকৌ গাই বজাই ঠিক সুৰ-তাল লগাই দিবলৈ বাধ্য হৈছোঁ।

 গোটেই গধুৰ ভাবৰ গানে সকলোৰে মন আকৰ্ষণ কৰিব নোৱাৰে; সেই নিমিত্তে কৰ্ত্তব্যৰ অনুৰোধত ৰুচি-সংগত কেইটামান সাধাৰণ গানো দিযা হল।

 সবশেহত কৃতজ্ঞতাৰে সৈতে জনাওঁ যে, এই কিতাপখন হাতে-লিখা অৱস্থত থাকোতে আমাৰ ভূতপূৰ্ব্ব “জোনাকী”ৰ সুযোগ্য সম্পাদক শ্ৰীযুত সত্যনাথ বৰা, বি,এল, ডাঙ্গৰীয়াই ইয়াৰ বৰ্ণাশুদ্ধি বিলাক, আৰু ছপোৱাৰ সময়ত বন্ধুবৰ শ্ৰীযুত দেবেশ্বৰ চলিহা আৰু শ্ৰীযূত যতীন্দ্ৰনাথ দুৱৰাই ইয়াৰ ছপা কৰা আৰু শুধৰণী চোৱা কামত আমাক বিস্তৰ

সহায় কৰি উপকাৰ কৰিছে। সেই বাবে আমি সিবিলাকৰ নথৈ শলাগ লৈছোঁ।