পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সঙ্গীত-কোষ।

ভূপ-খাম্বাজ-একতালা।

তুহুঁ দীন তাৰণ, দুষ্ট দমন
 ভকত-চিত ৰঞ্জন।
তাপ হাৰী বন-বিহাৰী
 বিপদ ভয় ভঞ্জন॥
নবজলধৰ শ্যাম মূৰুতি
 বাল-অৰুণ-কিৰণ-ভাতি,
অগতিৰ গতি, ত্ৰিজগত পতি,
 ত্বংহি পতিতপাৱন।
সঙ্কট-হৰ কৰুণা-কৰ
 জীব জনম কাৰণ,
অনাথৰ নাথ, পৰম ঈশ্বৰ
 প্ৰমো তযু চৰণ॥

 ৰাধানাথ ফুকন, এম্,এ, বি, এল।