পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়।

ধৰ্ম্ম-সঙ্গীত।

ইমন-কল্যাণ-একতালা।

জয় জগ বন্দন,  কৃতান্ত-বাৰণ
 ভবভয়হাৰী, দেৱ দিগম্বৰ।
মুনীন্দ্ৰ-ৰঞ্জন, দুৰন্ত মৰ্দ্দন
 মোহন্ধ-বাৰণ, হৰ মহেশ্বৰ।
অচল অটল অজৰ অমৰ
 যোগ জ্ঞানময় সুধীৰ গভীৰ;
 কল-কল্ ঢল ঢল্ গঙ্গাভাৰ-ধৰ
 কৰাহে কৰাহে দয়া তাপিত কিঙ্কৰ।
    চন্দ্ৰধৰ বৰুৱা।