পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ধৰ্ম্ম-সঙ্গীত।

টোৰি ঢিমাতেতালা।

জয় দুৰ্গা দুৰ্গতি নাশিনী,
  হে বিপদ তাৰিণী।
আপদ-নিস্তাৰিণী,  তাপক্ষয-কাৰিণী,
সন্তাপহাৰিণী,   পতিতপাৱনী
মিলিলে অপায় নৰে শান্তি-ছায়া-দায়িনী।
    লক্ষ্মীৰাম বৰুৱা।

ভৈৰবী-একতালা।

হৰি, ভাবোঁ তোমাৰ চৰণ দুটি
   ৰাখা তযু পায়।
ফুৰোঁ বাট হেৰুৱাই দিয়া দেখুৱাই॥
পাপতে নিৰত মন, পাপে নিমগন প্ৰাণ
দয়া কৰাঁ দয়াময় মোহ গুছুৱাই॥
    ভৈৰবচন্দ্ৰ বৰুৱা।