পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সঙ্গীত-কোষ।

৩৪

অহং-একতালা।

 কিয় আছা অসমীয়া এলেহুৱা হই,
 মিছাতেই কৰিবা কি এই দেহ ক্ষয়?
 ধৰাহে জাতীয় গান, এৰাহে বিৰহ তান,
 একতাৰে বাঁধা প্ৰাণ, এয়েহে সময়।
সোনৰ অসম দেশ,  স্মৃতি মাত্ৰ অবশেষ,
 উঠাহে নতুবা আজি ইও হব লয়।
    সিংহদত্ত দেৱ অধিকাৰী