পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
জাতীয় সঙ্গীত।

হ’ব তোমাৰ ভাল, পুত্ৰ পৰিয়াল,
 কৰিছে যতন হে।
আশা-কানি অনি, মোছাঁ চকুপানী,
 আজলী নিচলী হে।
চোৱাঁ চকু মেলি,  শত ল'ৰা মিলি,
 কৰে আয়োজন হে।
জানি লবা আই,  তোমাৰ বিলাই,
 আৰু নেথাকিব হে।
অধম সন্তান, ছিলোঁ এতে দিনে,
 টোপনি-মগন হে।
মোহ নিদ্ৰা গ'ল,  কাল মায়াজাল,
 ছিগিছে ভাগিছে হে।
আথে বেথে ধৰাঁ,  তোমাৰ যত ল’ৰা,
 লোৱাঁ আঁকোৱালি হে।
মূৰত চুমা খাই, দিয়াঁ পঠিয়াই
 শুভ লগ্ন চাই হে।
যাব কৰ্ম্ম-থলী, আনিব বুটলি
 সৌভাগ্য-টুপলি হে।
    বেণুধৰ ৰাজখোৱা, বি, এ।