সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সঙ্গীত-কোষ।

ভগদত্ত বাণে কুমাৰ ভাস্কৰে,
চক্ৰধ্বজ আদি আৰু কত বীৰে,
অখণ্ড প্ৰতাপে মেদিনী কঁপালে
অসমীয়া জাতি আছিলে প্ৰধান॥
মাধব শঙ্কৰ, অক্ষয় কীৰিতি,
বেদগান গালে কবি সৰস্বতী;
সকলোকে আজি পাহৰিলাঁ তুমি,
এলাহে ভাগৰে হ’লা অচেতন।
 ৰাধানাথ ফুকন, এম, এ, বি, এল।

৩১

ইমন ভূপালী একতালা।

কিয় কিয় কিয় কাঁন্দা দুখুনী জননী হে
তোমাৰ সোণামুৱা, ল’ৰা এনেকুৱা,
 উঠিছে এছাৰি টোপনি হে॥
ভগা ভগা মাত, গালে-মুৰে হাত
 আউলী-জাউলী হে।