পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সঙ্গীত-কোষ।

৩২

ভৈৰবী-ঢিমাতেতালা।

আজি অকলে অকলে  কান্দিছোঁ নিৰলে
 ভাৰতৰ এচুকে বলিয়া বতিয়া।
আজি নাইনে হে মোৰ, ই বিষাদ ঘোৰ
 গুচাবলৈ কোনো লৰা অসমীয়া॥
আজি যায় চাৰিপিনে যত আছে মানে
 উন্নতিৰ বাটে মোৰ লগৰীয়া৷
আজি পিছ হলোঁ মই অকলই হাঁয়
 লগত যাবলৈ কোনো নাইকিয়া॥
আজি এই ঘোৰ বনে  ৰাখে মোক কোনে,
 মৰিলোঁ মৰিলোঁ নাই আশা-জীয়া।
আজি চিঞৰ বাখৰ  কৰে ভয়ঙ্কৰ
 হাবিৰ মাজত জন্তু বনৰীয়া॥
 আজি চোৱাঁহি এবাৰ মোৰ হাহাকাৰ
 আহাঁ অসমীয়া সোনাই ধুনীয়া।
আজি খাবৰ জীবৰ বহু আশা মোৰ
 চকু পচাৰতে হব নাইকিয়া॥