পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৪
সঙ্গীত-কোষ।

আইৰ ফুল বাৰীত  কোন নো সোমালে
 নিচিঙ্গি চিঙ্গিলে কলি।
এইবাৰৰ দোষ ক্ষমা ভগৱতি
 মাতো চৰণত ধৰি॥
উজাই আহিলে  আইৰে সাতেভনী
 বালিত পুতিলে খুটি।
ভটিয়াই যোৱাগৈ  আইৰে সাতেভনী
 গোপিনী কৰিছে স্তুতি॥
উজাই আহিছে  আইৰে সাতেভনী
 বালিত কৰিছে বাসা।
প্ৰাণীৰ বিকল  দেখি আই ভগৱতী
 আপনি লগাইছে ঘোৰা॥
উজাই আহিলে  আইৰে সাতেভনী
 নাৱত গুটি ফুলৰ তোৰা।
গুটিকৈ আনিছে  মুঠিকৈ বিলাইছে
 অচিনকৈ মনুষ্যৰ পৰা॥
দৌলত সোমাই  সোধে মহাদেউ
 পাৰ্ব্বতী গহ্বৰত নাই৷