পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৩
পুৰণি সঙ্গীত।

অলপ মতিয়া আই কুমলীয়া
 চোৱঁৰো আনিছে টুলি॥
উভলা আহতক আয়ে ৰুই গলে
 আইমান ধৰমী নাই।
দুখীয়াৰ পুতলা  আইয়ে তুলি দিলে
 আইমান ধৰমী নায়॥
আইৰ নাম শীতলা  দুখীয়াৰ পুতলা
 দিযোৱাঁ বুকু জুৰাই।
বিধতাই স্ৰজিলে মাৱে জন্মালে
 আয়ে পাগত তুলি যায়॥
সতৰাই তুলিবা আই ভগৱতী
 জীৱই বৰ দুখ পাই।
বৰ নৈৰ মুখতে নাও ভৰা দিছে
 টুনি নৈৰ মুখলৈ চাই॥
বাটত লগেপাই গণকে সুধিলে
 কি ফুল বাচিলা আই।
বাচোঁ সৰুমুগি বাচোঁ বৰ মুগী
 মানুহে চিনি নেপাই॥