সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৫
পুৰণি সঙ্গীত।

তুমিকি নেজানা জটীয়া মহাদেৱ
 আয়ে ফুৰে পূজা খায়॥
দৌলতে উঠি চাই মহাদেৱে
 বেলত পৰি আছে ছঁয়া॥
দুৰ্গা আই ভদ্ৰা আই  দুযো আইকে পাঁচি
 প্ৰাণীক কৰি আহাঁ দয়া।
বাটত লগে পাই  মহাদেৱ সুধিছে
 আইৰ ভোজন কিহে হয়॥
মোৱামাছ পকনি খৰিচা শুকনি
 আইৰ ভোজন এয়ে হয়॥
মোৰ আই কমলফুল কি দিলে হব জুৰ
 আয়ে জুৰ নকৰে মানে৷
মানুহৰ পোৱালী  তুলিব নোৱাৰি
 আয়ে নোতোলে মানে॥

২৫