পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
সঙ্গীত-কোষ।

পিছলাৰ পানী  তোলাগৈ ভবানী,
 তামৰ কলসী লই।
ছঅঁৰা ব্ৰাহ্মণে চণ্ডীপাঠ কৰিছে
 ভবানীক আসনত থৈ॥
পিছলাৰ ঘাটে আয়ে স্নান কৰে,
 লাহৰ ছুলি টাৰ মেলি৷
যাউতী যুগীয়া আইৰ শৰণীয়া
 পৰলৈ নিদিবা মেলি॥
দুখীয়াৰ ঘৰলৈ আইলোক আহিছে
 দিবলৈ নাইকিয়া একো।
মুৰৰ কেশ চিঙ্গি পাও মলচিমে
 দেহৰ পাৰি দিমে সাকোঁ॥
উভলা গছক আয়ে ৰুই গৈছে
 আইৰমান ধৰমী নাই।
কি চৰাই নাচিছে  আয়ে ফুল বাচিছে
 দুখীয়াৰ ঘৰ সোমাই॥
চোতালৰ দূবৰি  মই তোলোঁ চাপৰি,
 আই আহিবৰ শুনি॥