পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৮
সঙ্গীত-কোষ ।

ৰাৱনৰ মাথ কাটিলাহা নাথ
 আনিলা সীতা উদ্ধাৰি॥
আগে নিচিনিলোঁ  আবেসে জানিলোঁ৷
 তেন্তে তুমি শ্ৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষেমিয়োক
 চৰণে কৰোঁ প্ৰণাম॥
এতেক বুলি নমি জাম্বৱন্ত
 আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন
 ডাকি বোলা হৰি হৰি॥

আইনাম।

৪৪

আসন পাৰি দিয়া বহক মহামায়া
 থাকক গোপীৰ কথা শুনি।
সকলো গোপীয়ে একান্ত চিত্তেৰে
 বোলা দুৰ্গতি নাশিনী॥