পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৯
পুৰণি সঙ্গীত।

আইৰে চেনেহৰ মৰা চৰাই হালি,
 দৌলৰ চৌপাশে চৰে।
হস্তীৰ গমনে আই নামি আহে
 নগৰ ফুৰিবৰে মনে॥
পাত্ৰৰ ঠাকুৰ  আছে হালি জালি
 গোসাঁনী কৈলাসে যায়।
এই নো জহেকালি  শীতলা গোসাঁনী
 বই-চাই আনিলে বাই॥
লগত লৈ আহিছে জাতি চন্দন
 সবাকে যাব পিঁন্ধাই।
অগুৰু চন্দনৰ এছাটি মাৰিব
 লৈ যাব শৰীৰ জুৰাই॥
এই নো জহে-কালি  তলে বোকা বালি
 কি কই পাৰহলা গই।
সোণৰ নাও খনি ৰূপৰ বঠা খনি
 বইচাই আনিলে বাই॥
উজাই আহিছে  আইৰ সাত ভনী
 বালিত সাজিছে ৰভা।