পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৭
পুৰণি সঙ্গীত।

জানিলোঁ তোমাক জগত ঈশ্বৰ
 তুমি সনাতন হৰি।
সমস্ত ভূতৰ তুমি প্ৰাণ বল
 জগতকে আছাঁ ধৰি॥
স্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা
 উদ্ধাৰি ধৰিলা ভূমি।
জীবৰো নিয়ন্তা পৰম আতমা
 মৃত্যুৰো অন্তক তুমি॥
জানিলো তোমাক সেহি ৰঘুনাথ
 যিটো ইষ্টদেব মোৰ।
সীতাৰ সন্তাপে জগতৰ বাপে,
 কৰিলা পয়ান ঘোৰ॥
যাৰ মহা ক্ৰোধে  কটাক্ষতে গ্ৰাহে
 সাগৰ কল্লোল কৰে।
লঙ্কাক লাগিয়া মাজে বাট দিলা
 ডৰিয়া আতি সাগৰে॥
জানকীৰ হেতু বান্ধিলাহা সেতু
 দহিলা লঙ্কা নগৰী।