পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
সঙ্গীত-কোষ।

 গোবিন্দ ৰাম মূৰাৰি মুকুন্দ ৰাম মুৰাৰি।
 ভকতি ৰোচন দুখবিমোচন ভকতৰ ভয়হাৰী॥
পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মূৰাৰি।
অনাদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী॥

কীৰ্ত্তন।

৪৩

ধুৱা।

ত্ৰাহি দেৱ দামোদৰ যাদবানন্দ দীন দয়াশীল হৰি।

কৰাহা নিস্তাৰ তোমাৰ চৰণে শৰণ পশিলোঁ আমি॥

পদ।

কৃষ্ণৰ বিক্ৰম  দেখি ঋক্ষৰাজ
 পৰম বিস্ময় মনে।
স্বামী হেন জানি   বুলিবে লাগিলা
 প্ৰণমি কৃষ্ণ চৰণে॥