পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৫
পুৰণি সঙ্গীত।

বৈকুণ্ঠকো পৰিহৰি  যোগীৰো হৃদয় এৰি
 থাকা হৰি সাক্ষাতে তথাত।
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিব তাঙ্ক,
 ব্যাপকত কিবা বিসৰ্জ্জন।
এতাবন্ত মূৰ্ত্তি শূন্য  কেন মতে চিন্তিবাহা,
 ৰাম বুলি শুদ্ধ কৰা মন।
কৰ্ম্মত বিশ্বাস যাৰ  হিয়াত থাকন্ত হৰি,
 অতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত অহঙ্কাৰ থাকন্তেও
( সাক্ষাতে কৃষ্ণক পাৱে) শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥

৪২

কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ॥
গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ
   গোবিন্দ ৰাম মূৰাৰি৷
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী॥