পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪।
সঙ্গীত-কোষ।

বাৰ মাহৰ বাৰ গীত গাওৰে বনিয়া।
ই গীতক বনাইছে কুনি ফুলৱন্তী কন্যা ॥
ফুলৱন্তী কন্যা ন হয় জগতৰে বাপ।
গাওঁতাৰ মুকুতি হৱে শুনাৰ খণ্ডে পাপ ॥ ১২॥


নাম ঘোষা।
৪১

মুক্তিত নিস্পৃহ যিটো  সেই ভকতক নমো
 ৰসময়ী মাগোহোঁ ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি।
মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
 হলিৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছাঁ কৃষ্ণ
 তযুপাৱে কৰোহোঁ প্ৰণাম।
একান্ত ভকত সবে  নিৰ্গুণ কৃষ্ণৰগুণ,
 গাৱে সদা বসিয়া যথাত।