সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬১
পুৰণি সঙ্গীত।

কৰি অবিছেদ   দৈত্য কৰি ভেদ
খণ্ডিলাহ খেদ উদ্ধাৰিলা বেদ।
জগতক বশ্য কৰিলা অবশ্য
ভৈলা মহামৎস্য ব্ৰহ্মাৰ নমস্য।
তুমি মহা হংস আহি নিজ অংশ
হুয়া যদুবংশ বধিলাহা কংশ।
জগত নিঃশেষ সৱাত প্ৰবেশ
ভৈলা হৃষীকেশ নাজানি উদ্দেশ।
তুমি পীতাম্বৰ কৰি আড়ম্বৰ
বধিলা সম্বৰ প্ৰভু বিশ্বম্ভৰ।
তুমি সি অচ্যুত আনন্দে আপ্লুত
ভকত বহুত কৰিলা মুকুত।
ধৰি মৎশ্যকায় সত্যব্ৰত ৰায়
প্ৰলয় অপাৰ তাৰিলা লীলায়।
কুৰ্ম্ম কলেবৰ ধৰিলা মন্দৰ
মথিলা সাগৰ নভৈলা ভাগৰ।
বৰাহ শৰীৰে উদ্ধাৰি ভুমিৰে
হিৰণ্যাক্ষ বীৰে মাৰিলাহ চিৰে।