পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
সঙ্গীত-কোষ৷

কুণ্ডলে মণ্ডিত   অসুৰ দণ্ডিত
পাতক খণ্ডিত তুমিসি পণ্ডিত।
দাৰিদ্ৰ্য মৰ্দ্দন কৰুণা সদন
বংশী বদন মূৰতি মদন ।
হাস্য দৰিশন পাপ কৰিষণ
দোষ মৰিষণ কাম বৰিষণ।
জগত আধাৰ দৈবকী কুমাৰ
সংসাৰত সাৰ চৰণ তোমাৰ৷
তুমি ভগৱন্ত মহিমা অনন্ত
তাৰিলাহা সন্ত পুৰুষ মহন্ত৷
তুমি সুবৎসল পুৰুষ নিছল
নাহি কিছু ছল ভকত বৎসল৷
তুমি অৱতৰি অসুৰ সংহৰি
সৃষ্টি আছা ধৰি দেৱ শ্ৰীহৰি৷
অঘাসুৰ ঘালি মহা বলশালী
দমিলাহা কালি তুমি বনমালী
কৰি পৰাভৱ খেদাইলা দানৱ
ভকত বান্ধৱ তুমিসি মাধৱ৷