এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
সঙ্গীত-কোষ।
| নৰসিংহ ৰূপে | ভৈলা দিব্য বপু | |
| বধিলাহা ৰিপু | হিৰণ্যকশিপু। | |
| ভৈলা অদিতিত | বামন উদিত | |
| মূৰুতি ললিত | বলিক ছলিত। | |
| যামদগ্নি ৰাম | কৰি চামে চাম | |
| ক্ষত্ৰিয়ৰ নাম | নথৈলা সংগ্ৰাম। | |
| ভৈলা কৌশল্যাত | শ্ৰীৰাম জাত | |
| ৰাৱন বিঘাত | কৰিলা লঙ্কাত। | |
| ৰাম হলধৰ | ৰোহিণী কুমাৰ | |
| মাৰিলা ইতৰ | দ্বিবিদ বানৰ! | |
| বুদ্ধৰূপে ছন | কৰি বেদগণ | |
| মুহিলামন | ত্যজিয়া সজন। | |
| হুয়া কল্কি চণ্ড | যতেক পাষণ্ড | |
| কৰি খণ্ড খণ্ড | বিহিলাহা দণ্ড। | |
| ধৰি বাৰম্বাৰ | দশ অৱতাৰ | |
| পৃথিবীৰ ভাৰ | খণ্ডিলা অপাৰ। | |
| কৃষ্ণৰ কিঙ্কৰে | ৰচিলা শঙ্কৰে | |
| হৰি হৰি নৰে | বোলা নিৰন্তৰে। |