এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৯
পুৰণি সঙ্গীত।
| তুমি বাৰম্বাৰ | হুয়া অৱতাৰ | |
| পৃথিবীৰ ভাৰ | খণ্ডিলা অপাৰ। | |
| ইন্দ্ৰক দমিলা | ব্ৰহ্মায়ো নমিলা | |
| বনত ভ্ৰমিলা | গোপীক ক্ৰীড়িলা। | |
| পশি ৰঙ্গশাল | যত মহামাল | |
| কৰিয়া আস্ফাল | বধিলা গোপাল। | |
| তজুগুণ নাম | ধৰ্ম্ম অনুপাম | |
| মোক্ষ অৰ্থ কাম | সাধা প্ৰভুৰাম। | |
| মাৰি দশগ্ৰীৱ | জনকৰ জীৱ | |
| পাইলা সদাশিৱ | তুমি জগজীৱ। | |
| তোমাৰ চৰিত্ৰ | পাতকীৰ মিত্ৰ | |
| পৰম পবিত্ৰ | কৰিলা বিচিত্ৰ। | |
| পতিত পাৱন | এভৱ ভাৱন | |
| অসুৰ দাৱন | তুমিসি বামন। | |
| অগতিৰ গতি | ত্ৰিজগত পতি | |
| তোমাৰ ভকতি | থাকোক সম্প্ৰতি। | |
| শ্যামল শৰীৰ | জলদ ৰুচিৰ | |
| গহীন গম্ভীৰ | গুণৰ মন্দিৰ। |