পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৯
পুৰণি সঙ্গীত।

তুমি বাৰম্বাৰ   হুয়া অৱতাৰ
পৃথিবীৰ ভাৰ খণ্ডিলা অপাৰ।
ইন্দ্ৰক দমিলা ব্ৰহ্মায়ো নমিলা
বনত ভ্ৰমিলা গোপীক ক্ৰীড়িলা।
পশি ৰঙ্গশাল যত মহামাল
কৰিয়া আস্ফাল বধিলা গোপাল।
তজুগুণ নাম ধৰ্ম্ম অনুপাম
মোক্ষ অৰ্থ কাম সাধা প্ৰভুৰাম।
মাৰি দশগ্ৰীৱ জনকৰ জীৱ
পাইলা সদাশিৱ তুমি জগজীৱ।
তোমাৰ চৰিত্ৰ পাতকীৰ মিত্ৰ
পৰম পবিত্ৰ কৰিলা বিচিত্ৰ।
পতিত পাৱন এভৱ ভাৱন
অসুৰ দাৱন তুমিসি বামন।
অগতিৰ গতি ত্ৰিজগত পতি
তোমাৰ ভকতি থাকোক সম্প্ৰতি।
শ্যামল শৰীৰ জলদ ৰুচিৰ
গহীন গম্ভীৰ গুণৰ মন্দিৰ।