এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
সঙ্গীত-কোষ।
| নমাে নাৰায়ণ | সংসাৰ কাৰণ | |
| ভকত তাৰণ | তােমাৰ চৰণ। | |
| তুমি নিৰঞ্জন | পাতক ৰঞ্জন | |
| দানৱ গঞ্জন | গোপিকা ভঞ্জন। | |
| বেদান্ত গায়ক | বংশী বায়ক | |
| জগত নায়ক | মুকুতি দায়ক। | |
| ভকতৰ ঋদ্ধি | কৰাঁ সর্ব্বসিদ্ধি | |
| বিধাতাৰ বিধি | দীন দয়ানিধি। | |
| ভকত ৰােচন | দুঃখ সঙ্কোচন | |
| পাতক মােচন | কমল লোচন। | |
| দৈত্য অন্তকাৰী | গােবৰ্দ্ধনধাৰী | |
| ভব ভয়হাৰী | তুমিসে মুৰাৰী। | |
| কালিক দমিলা | পূতনা শুসিলা | |
| দেৱক তুষিলা | ব্ৰজক ভূষিলা। | |
| কেশীবৎস বক | সমস্ত দৈত্যক | |
| লগাইলা চমক | ডকাইলা যমক৷ |