পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
সঙ্গীত-কোষ।

পদ৷
নমাে নাৰায়ণ   সংসাৰ কাৰণ
ভকত তাৰণ তােমাৰ চৰণ।
তুমি নিৰঞ্জন পাতক ৰঞ্জন
দানৱ গঞ্জন গোপিকা ভঞ্জন।
বেদান্ত গায়ক বংশী বায়ক
জগত নায়ক মুকুতি দায়ক।
ভকতৰ ঋদ্ধি কৰাঁ সর্ব্বসিদ্ধি
বিধাতাৰ বিধি দীন দয়ানিধি।
ভকত ৰােচন দুঃখ সঙ্কোচন
পাতক মােচন কমল লোচন।
দৈত্য অন্তকাৰী গােবৰ্দ্ধনধাৰী
ভব ভয়হাৰী তুমিসে মুৰাৰী।
কালিক দমিলা পূতনা শুসিলা
দেৱক তুষিলা ব্ৰজক ভূষিলা।
কেশীবৎস বক সমস্ত দৈত্যক
লগাইলা চমক ডকাইলা যমক৷