সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
সঙ্গীত-কোষ।

ছাল সােটা সােট  হাৰ গােটাগােট
 কোটৰে লুকাইল আঁখি।
তেজ বল মাংস গাৱতে লুকাইল
 দেখিয়া নাপাৱা সাখী।
শুখাই গৈল আত মুখে নাই মাত
 দান্তৰো নাহি অৱস্থা।
কাসে ঢুল ঢুল সৰি গৈল চুল
 লৰবৰ কৰে মাথা।
বিভৎস শৰীৰ  আখি ঝুৰে নীৰ
 তিনি থানে ভৈল বাগ।
কহয় মাধৱ সবেও মৰিব
 তথাপি বুঢ়াসে আগ॥


৩৩
ৰাগ ভাটিয়ালী।


 ডেকা ভাই কিসৰ হৰিষ তােৰ।
চক্ষু নেদেখস, আনন্দে ভ্রমস, তােক পাইলে কালচোৰ।