পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৭
পুৰণি সঙ্গীত।

ৰতন সিংহাসনে বসি ৰঘুনন্দন
 ৰাজত জানকী সঙ্গে।
নিত্য নিৰঞ্জন  জগজন কাৰণ
 ৰাম ৰূপে অৱতাৰা৷
ৰঘুপতি চৰণ  কমল ভূঙ্গ মাধৱ
 কহ গতি ৰাম হামাৰা॥



৩২

ৰাগ-ভাটিয়ালী।


 বুঢ়া ভাই হৰি গুণ গাই নাচা।
 কোন দিন ঢলি শৰাৰ পৰয়,
  আৰু কি বাট চাই আছাঁ৷
আয়ু দিলে ভাটি হাতে লৈলে লাঠি
 হাঠিতে নচলে পাৱ।
ভাগিল মাণ্ডলী  আগ গৈল ঢলি
 ধনু ফান্দ দিলে গাৱ।