সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
পুৰণি সঙ্গীত।

আছিলি ছৱাল ভৈল যুবাকাল,
 কেনে তাত নাই মন।
আপদৰ বন্ধু যতনে লৈয়ো
 ৰাম নাম মহা ধন।
আয়ু আদি কৰি যত ধনজন
 সব কাল চোৰে হৰে।
দেখি নেদেখস বুঢ়াক হাসস
 ছৱাল কালতে মৰে।
যৌবন গৰ্ব্বক  ঝাণ্টে পৰিহৰি
 নামক লৈয়ো যতনে।
কালৰ হাতত বৃদ্ধ ষুবা নাই
 কহয় ৰাম চৰণে॥

⸻⸻