পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
সঙ্গীত-কোষ।

বৰ হোমৰ গুৰিতে  শহুৰৰ আগতে
 বাপুদেউৰ আঠুতে ধৰি।
ডেকা দেৱে আজি  কোন লাজে খুজি
 আছাহে দেখি সুন্দৰী।
চৈধ্যবছৰীয়া এনেনো ধুনীয়া
 গোলাপৰে পাহি যেনে।
দেখি মনে মনে বোপাদেও বখানে
 নিজে ধন্য ধন্য মানে।
আঁচলে আঁচলে সাঙ্গুৰি পেলালে
 ৰঙ্গে পিছে পিছে ফুৰে।
হৰ গৌৰী যেনে  অতি শোভা কৰে
 মিলিছে জোৰকো জোৰে॥


১১


আইদেওৰ মজিয়াত  কোনে উমলিলে
 কৰ্চ্চণ চৰাইৰে পাখি।
এন্ধাৰে মজিয়া  পোহৰ হৈ আছিলে
 ৰামে লই যাব আজি।