পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
পুৰণি সঙ্গীত।

ৰাম কমাৰৰে সনোৱা কটাৰী
 সাতে সৰি দিয়া বিৰি।
লাগেযে আইদেও ধনকে ভৰিবা
 কটাৰী নিদিবা এৰি।
জীউ খেদি ৰামে পালে সোণৰ মাণি৷
 পাহৰি শৰাইতে থলে।
যিহে টেঙ্গৰা আমাৰ আইদেৱে
 টিপাতে লুকুৱাই থলে॥


১২


ৰাম ৰাম ৰামে ৰামতী,
ৰাম ৰাম জীউ খেদিছিলে,
ৰাম ৰাম ৰামতকৈ ৰামতী চৰে।
ৰাম ৰাম জীউ খেদি ৰামে,
ৰাম ৰাম পালে সোণৰ মণি,
ৰাম ৰাম শৰাইতে ওলোমাই থলে॥