পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৫
পুৰণি সঙ্গীত।

হাতীকে সজালে হাতীবৰুৱাই
 ঘোৰাঁকে সজালে ঘাঁহী।
আমাৰ বোপা দেওক  সজাই দেউতাকে
 বিচিত্ৰ অলঙ্কাৰ আনি।
ধোবাকো বধিলে  বস্ত্ৰ কাঢ়ি ললে
 কুজীৰো ললে চন্দন।
মলিয়াৰ হাতৰে  মলা তুলি ললে
 লৰিলে ৰঘু নন্দন।
হাতী আনো বুলি  নানিলা দেউতা
 ঘোৰাকো আহিলা এৰি।
অতখন বাটলৈ  কেনেকৈ যাবগৈ
 সোণৰ মনি যেন ভৰি॥

১০


আয়তী সকলে উৰুলি দিয়াহে
 গাভৰু উলিয়াই দিলে।
মৰমৰ জীয়াৰী চিঙ্গি মায়া জৰী
 মাকক মেলানি ললে।