সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৪
সঙ্গীত-কোষ।

দৈয়ন দিয়াঁ  দৈয়ন দিয়াঁ
 আপোনাৰ আই।
ভাল কৰি দৈয়ন দিয়াঁ
 শৰীৰ জুৰাই।
পানবৰীয়াৰে পান আনাগৈ
 গোৱালৰ ঘৰৰে দৈ এ।
আজি আইদেৱক দৈয়ন দিছেহি
 সিংহদুৱাৰতে ৰৈ এ॥



এইনো সাজে পাৰে  নুশুৱাই বোপাদেও
 আৰু সাজ পাৰ লাগে
খৰকৈ যোৱাঁগৈ  দেউতাৰাক কোৱাঁগৈ
 এতিয়াই সলাব লাগে।