পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
সঙ্গীত-কোষ।

চৰণ কমলে  ভক্তি পুষ্পদলে
 পূজা, হৈ এক মন॥
 নবীনচন্দ্ৰ বৰদলৈ, বি, এল্‌।

২২

ভূপ খাম্বাজ—একতালা।

(নমাে) দেৱ মাধৱ  ভক্ত বান্ধৱ
 ৰাজীব তযু চৰণে।
নিষ্কাম ধৰম, প্রচাৰিলা দেৱ
 শাস্ত্রক মথিলা জ্ঞানে।
যােগী সনে দেৱ  বিহৰা সুখে
 স্নিগ্ধ সুনীল গগনে,
সাৰ যুকুতি  প্রকাশি মােহিলা
 নাজানো কি যােগ ধ্যানে।