পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সঙ্গীত-কোষ।

মাতি হাহিঁ হাহিঁ,  প্রাণপতি আহি
 বুলিলে দেহ সপিলোঁ।
সেই দিন ধৰি,  আই বােপাই এৰি,
 বহুত সুখ ভূঞ্জিলোঁ।
সেই সুখ মােৰ, বিধতাই চুৰ
 কৰে বুলি নেজানিলোঁ।
ধিক্ দেহা লই,  কেলৈ আছোঁ মই,
 নমৰিও মৰা হলোঁ।
 ভকতৰাম দত্ত চৌধুৰী।

১০

মিশ্র ঝিঁঝিট—একতালা।

বৰ হেঁপাহেৰে আহিছোঁ, ৰােৱাঁ,
  এবাৰ চকুৰে চাওঁ হে।
সাঁচি থােৱা কথা পাহৰি গলোঁ,
  চাওঁ ভাবি যদি পাওঁ হে।