পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
প্রণয়-সঙ্গীত।

মােৰ মন যেনে,  তােমাৰ মন তেনে,
 হয় কি নহয়, সােধোঁ মই।
আজি সঁচা কৰি  কোৱা প্রাণেশ্বৰী,
 নেভাঁৰিবা মিচাকৈ।
মনেৰে নেপাতি,  কোৱাচোঁ’ কথাটি,
 নেথাকিবা আৰু বেলিকৈ।
মােক যেনে পােৱা  তাকে মাত্র কোৱা,
 সুধিছোঁ মই থিৰাংকৈ॥
 ভকতৰাম দত্ত চৌধুৰী।

ৰাগিণী খাম্বাজ—একতালা।

আছিলোঁ সৰুতে  বহুত সুখতে
 একো দুখ নেজানিলোঁ।
গাভৰু কালত  পৰিলোঁ ঠেকত,
 তাতেসে মই মৰিলোঁ।