শকুন্তলা।
( ১ )
ৰাজৰ্ষি বিশ্বামিত্ৰই দুৰ্ঘোৰ তপস্যা কৰিছিল। একাগ্ৰ সাধনাৰ বলত যে সিদ্ধি লাভ হয়, তাত কোনো সংশয় নাই। বিশ্বামিত্ৰৰো সিদ্ধি লাভৰ আশা দেখা গ'ল। তাকে দেখি ইন্দ্ৰৰ ভয় লাগিল, তেওঁ কেনেকৈ বিশ্বামিত্ৰৰ তপোভঙ্গ কৰিব তাৰ নিমিত্তে যত্নৱান হ'ল। বহুত চেষ্টা কৰিও কৃতকাৰ্য্য হব নোৱাৰি, শেহত তেওঁ মেনকা নামেৰে অপ্সৰা এজনাক বিশ্বামিত্ৰৰ ওচৰলৈ পঠিয়াই দিলে।
তেতিয়া বসন্ত কাল। কুঞ্জত নানা জাতীয় পক্ষীৰ সুলসিত সঙ্গীত, গছে গছে নানা বৰণীয়া ফুলৰ জাক-জমক আৰু সেউজীয়া কোমল ঘাঁহৰ ওপৰত সৰা ফুলৰ বিস্তৃত সৌৰভ। সঁচাকৈয়ে সময়টো মন-প্ৰাণ উন্মাদকৰ। এই সুখৰ সময়ত, ভোগ-প্ৰবৃত্তিৰ উত্তেজনাৰ কালত, ভুবন-মোহিনী ৰূপেৰে নানা লাহ-বিলাহেৰে মেনকা আহি বিশ্বামিত্ৰৰ সম্মুখত উপস্থিত হ'ল। সুন্দৰীৰ মায়াজাল ছিঙ্গি যোৱা বৰ উজু কাম নহয়, স্বয়ং ভূতভাৱন মদন-ভস্মকাৰী মহাযোগী মহেশ্বৰো এদিন মোহিনীৰ ৰূপত