মতলীয়া হৈছিল। বিশ্বামিত্ৰৰ ভাগ্যতো সেয়ে ঘটিল।তেওঁৰ ইমান দিনৰ কঠোৰ সাধনা মুহূৰ্ত্ততে শেষ হ'ল,তপত ব্যাঘাত জন্মিল, কামিনীৰ কমনীয় কান্তিৰ উন্মাদ স্পৰ্শত তেওঁৰ অস্থিৰ হিয়াৰ পৰা সিদ্ধি লাভৰ আশা তিৰোহিত হ'ল।
এই মিলনৰ ফলত মেনকাৰ এটি কন্যা জন্মিল।মেনকাই তপোবনৰ মাজতে ছোৱালীটী এৰি গুচি গ'ল,বিশ্বামিত্ৰয়ো তাইৰ কোনো খবৰ নল'লে। দুপৰীয়া মহৰ্ষি কণ্বই হাবিত ফল মূল বিচাৰি যাওঁতে, হঠাৎ ছোৱালীটী তেওঁৰ চকুত পৰিল। তেতিয়া বৰ ৰ'দ, কিন্তু ছোৱালীটীৰ গাত গছৰ ওপৰত ডৌকা মেলি বহি থকা চৰাই এটাৰ ছাঁ পৰি আছিল। কণ্বই শিশুটি কোলাত লৈ আশ্ৰমলৈ লৈ আহিল আৰু চৰাইৰ দ্বাৰা ৰক্ষিতা হোৱাৰ কাৰণে নাম ৰাখিলে শকুন্তলা *।
( ২ )
শকুন্তলা কথৰ আশ্ৰমতে ডাঙ্গৰ-দীঘল হ'ল আৰু লাহে লাহে যৌৱনত পদাৰ্পণ কৰিলে। যদিও তেওঁৰ বসন-ভূষণ গছৰ ছাল মাথোন, তথাপি তেওঁৰ সৌন্দৰ্য্যত মুগ্ধ নহৈ কোনো থাকিব নোৱাৰিছিল। ফুলনিৰ মাজত