এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিচয়।
মহাকবি কালিদাসৰ তিনিখন নাটকৰ ভিতৰত শকুন্তলাই ( অভিজ্ঞানশকুন্তলম্ ) সৰ্ব্বোৎকৃষ্ট। গোটেই পৃথিবীতে ই সমাদৰ লাভ কৰিছে। ইয়াৰ মূল মহাভাৰত। কিন্তু কবিয়ে মহাভাৰতৰ পৰা ইয়াৰ জকাটোহে লৈছে; ইয়াত প্ৰাণ সঞ্চাৰ কৰিছে তেওঁৰ নিজস্ব কল্পনাৰ সঞ্জীবনী শক্তিৰে। সেয়ে নোহোৱা হ'লে মহাভাৰতৰ এখনি সাধাৰণ চিত্ৰ ইমান উজ্জ্বল হৈ নুঠিলহেঁতেন। প্ৰকৃততে, শকুন্তলাৰ মনোহাৰিত্ব কালিদাসৰ কবিত্ব প্ৰতিভাত,⸺ প্ৰকৃতি আৰু মানব-প্ৰকৃতিৰ ৰাসায়নিক সংযোগত। অকল শকুন্তলাতেই জগতৰ সকলো সৌন্দৰ্য্যৰ সমাবেশ।
ইয়াত দিয়া গল্পটো মহাকবিৰ নাটকৰ অনুবাদ নহয়, চমু বিবৰণ মাত্ৰ। সংস্কৃত নজনা লোকসালেও যাতে শকুন্তলাৰ সৌন্দৰ্য্যৰ কিঞ্চিং আভাস পায়, তালৈ লক্ষ্য ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। ইতি-
⸻