পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )

সসৈন্যে ৰাজা আগ বঢ়াই থৈলা।
আশ্বাসি দশৰথে পালটাইল॥২১০
অযোধ্যাক চলি গৈলন্ত ৰাজা।
বেঢ়িয়া চলে গজ-বাজী প্ৰজা॥
বাদ্য ভণ্ড যত প্ৰজাৰ ৰোল।
লঙ্ঘিলেক গৈয়া স্বৰ্গৰ কোল॥২১১
পৰম আনন্দে চলে নৃপতি।
চাৰি পুত্ৰবধূ কৰি সঙ্গতি॥
আনন্দে চলি যায় প্ৰজাগণ।
জয় ৰাম ধ্বনি কবে সঘন॥২১২
এহি মতে ভূমি কম্পায়া যান্ত।
পথতে বিমঙ্গল দেখিলন্ত॥
আগতে বজ্ৰপাত আসি ভৈলা।
সঘনে ভূমি কম্পিবাক লৈলা॥২১৩
আনো নানা বিমঙ্গল যতেক।
সমস্তে নৃপতি দেখে প্ৰত্যেক॥
অন্ধকৰ শাপ যেন মিলিল।
ভয়ে ৰাজা বশিষ্ঠত পূচিল॥২১৪
কি কাৰ্য্যে দেখো হেন বিমঙ্গল।
কহিয়োক সবে মুনিসকল॥


গজ-ৰাজা = হাতী আৰু ঘোঁৰা।

তভো-তথাপি।