পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৮)

এমতে মহামহোৎসৱে আতি।
চাৰি কন্যা বিহা দিলা নৃপতি॥২০৫
জনক কুশধ্বজ দুয়ো ভাই।
যৌতক দিলা তাৰ পাৰ নাই॥
হস্তী, হয়, দাস, দাসী যতেক।
বসন ভূষণ দিলা অনেক॥২০৬
সি ৰাত্ৰি বঞ্চি দশৰথ ৰায়।
যাইবাক লাগি আজ্ঞা লৈলা যাই॥
চাৰি পুত্ৰ চাৰি কন্যাক লৈয়া।
আপোন ৰথত উঠিল গৈয়া॥২০৭
সতেক জনকৰ মহাদই।
জাউক গলত বান্ধি কান্দয়॥
সীতা আদি যত কন্যাসকল।
তাৰাও কান্দিলা হুয়া বিকল॥২০৮
কৌশল্যা আদি যত পটেশ্বৰী।
তেসম্বে পঠাইলা শান্ত্বনা কৰি॥
জনক ধৰিয়া সীতাৰ গলে।
কান্দিলন্ত আতি হুয়া বিকলে॥২০৯
প্ৰবোধ বুলিলন্ত দশৰথ।
শুনিয়া নৃপতি ভৈলন্ত সুস্থ॥


বিকল-বিহ্বল, অস্থিৰ।