পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৫০)

বশিষ্ঠাদি ঋষি বুলিলা বাণী।
একো উপদ্ৰৱ নেদেখো স্বামী॥২১৫
শুনিয়া তভো মনে শঙ্কা কৰি।
শীঘ্ৰে চলি যায় নিজ নগৰী।
সিবেলা যেন ভৈল শুনিয়োক।
ৰাম ৰাম বোল সমস্ত লোক॥১১৬

ঘোষা॥ জয় ৰাম ৰঘুপতি॥

পদ।

জামদগ্নি সুত ৰাম।
শুনিলন্ত হেন কাম॥
আমাৰ গুৰুৰ ধনু।
ভাঙ্গিলে কোনেৱে হুনু। ২১৭
তাৰ মোৰ কথা আছে।
এহি বুলি খঙ্গে পাচে॥
কুঠাৰ কান্ধত পাৰি।
ফোঁপাই আসে দড়াদড়ি ২১৮


দড়াদড়ি-বেগাই; গহীন ভাৱে খৰকৈ খোজদি